অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ নতুন তথ্য উদ্ঘাটন

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ অনুৰাগী তথা পিতৃ আৰু পৰিয়ালৰ নিৰন্তৰ প্ৰচেষ্টাত এতিয়াও উত্তেজনা শাম কটা নাই আৰু নিতৌ ন ন তথ্য উদ্ঘাটন হৈ আছে ।
আজি অৰ্ণৱ গোস্বামীৰ নেতৃত্বত ৰিপাব্লিক ভাৰত সংবাদ প্ৰতিষ্ঠানে সদৰি কৰিছে আন এক চাঞ্চল্যকৰ তথ্য ।
হয়তো অভিনেতা জনৰ মৃত্যুৰ লগত প্ৰত‌্যক্ষ সম্পৰ্ক আছে তেওঁৰ সহায়িকা দিশা ছালিয়ানৰ মৃত্যুৰ ।
উল্লেখ্য যে দিশা ছালিয়ানৰ মৃত্যুৰ ঘটনাটোক মুম্বাই আৰক্ষীয়ে আত্মহত্যাৰ ঘটনা বুলি কোনো অনুসন্ধান চলোৱা নাছিল ।

আজি ৰিপাব্লিক ভাৰতে দিশা ছালিয়ানৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট সদৰী কৰি দেখাই যে মৃতদেহত কোনো ধৰণৰ কাপোৰ নাছিল । তথা মৃত্যুৰ দুদিনৰ পিছতহে পোস্টমৰ্টেম কৰা হৈছিল । এঘন্টাৰ ভিতৰত পোষ্টমৰ্টেম সমাপ্তও কৰিছিল মুম্বাই আৰক্ষীয়ে ।এনেধৰণৰ তথ্য সমূহে ঘটনাটো অধিক ৰহস্যঘন কৰি তুলিছে ।

তদুপৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত সুশান্ত সিং চণ্ডীগড়ত থকা সময়ছোৱাত মহেশ ভাটৰে ৰিয়া চক্ৰৱৰ্তীৰ যথেষ্ট টেলিফোনিক বাৰ্তালাপ হৈছিল , ৰিপাব্লিক ভাৰতে ৰিয়াৰ কল লিষ্ট ৰাজহুৱা কৰি এই তথ্য সদৰী কৰে ।

তদুপৰি এটা বাতৰি প্ৰতিষ্ঠানৰ আগত সুশান্ত সিংৰ বন্ধু এজনে কোৱা মতে দিশাই মৃত্যুৰ পূৰ্বে সুশান্ত সিংক দিশাৰ লগত হোৱা দুৰ্ঘটনাৰ কথা কৈছিল য'ত বহুকেইজন নামী দামী ব্যক্তি জড়িত আছিল ।
দিশাৰ মৃত্যুৰ পিছত সুশান্ত সিং ৰাজপুতয়ে ন্যায় বিছাৰি যুদ্ধ কৰাৰ কথাও কৈছিল তাৰ বাবে হয়তো তেওঁক হত্যা কৰা এনে সন্দেহও প্ৰকাশ কৰিছে বহুতে ।

সুশান্ত সিং ৰাজপুতৰ বান্ধবী স্মিতা পাৰেখে পূৰ্বতে কৈছিল যে দিশাৰ মৃত্যুৰ পিছত সুশান্তে যথেষ্ঠ ভয় খাইছিল আৰু বায়েক মিতু সিং কৈছিল যে এতিয়া সিহতে মোকো সুদাই নেৰে ।
গোটেই ঘটনাই তথা নিতৌ উদ্ধাৰ হোৱা ন ন তথ্যই গোটেই বিষয়টোক আৰু বেছি ৰহস্যঘন কৰি তুলিছে যদিওঁ চি বি আই তদন্তত সকলো কথাই বাহিৰ হব বুলি সকলোৱেই আশাবাদী ।

Post a Comment

Previous Post Next Post